মুখ্য পৃষ্ঠা
06/04/2514:32
অভিমান কাৰ বাবে
ৰক্তবীজৰ দৰে জন্ম হোৱা মোৰ
বিষাদ বোৰে
তোমাৰ অভিমানক হাজাৰ বাৰ
অভিশাপ দিয়ে !
অহংকাৰত ক্ষুন্ন হৈ লিখিব বিচাৰো ,
তোমাৰ অহংকাৰৰ
এটি অত্যাচাৰি কবিতা !
কিন্তু লিখো কেনেকৈ ??
তোমাৰ বাবেই
আলফুলে সাঁচি ৰাখিছো ,
বুকুৰ গুপুতত একাঁজলি মৰম !
জুবিন দাৰ দৰে বেজাৰত চিঞঁৰি ক'ব
নোৱাৰো ,
অনামিকা দুৱৰা....
তোমাক লাজ দিয়াৰ অভিপ্ৰায় নাই
মোৰ !
নিদিওঁ তোমাক হৃদয়হীনতাৰ অপমান !
তোমাৰ বৰ্বৰতাৰ হাঁহি বোৰ ,
চিতাৰ দৰে জ্বলাই দিবলৈ মন যায়
মোৰ !
চকুলোৰে উটুৱাই দিব মন যায় ,
তুমিহীনতাৰ বিষাদ শব্দ !
মই বাটৰ কাষৰ দাষ্টবিন ,
তাত তোমাৰ চকু নপৰে বুলি জানো !
ভ্ৰুক্ষেপত নকপেঁ মোৰ হিয়া !
তুমি ওচৰলৈ অহাৰ কামনা নকৰো ,
দিব নোৱাৰা তোমাক আৰু অভিমানৰ
স্বাধীনতা !
আলিংগন মোৰ সপোনৰো অগোচৰ ,
মোৰ সন্মুখত খুলি নিদিবা তুমি ,
আধুনিক সমাজৰ মেগা পিক্সেল
কেমেৰা !
© ৰাজু কলিতা
16/06/14